Thursday, 11 January 2018

Steamed Egg Manchurian

ভাপত দিয়া কণীৰ মনচুৰীয়ান   (  steamed egg Manchurian  )

সামগ্ৰী- কণী ৬ টা, পিয়াঁজ ২টা, কেপচিকাম ১ টা,বিলাহী ১টা, টমেট ছিলি চচ ২চাহ চামুচ, চয়া চচ ১চাহ চামুচ, নিমখ জালুক জলকীয়া গুৰি সোৱাদ অনুযায়ী, দীঘলকৈ কাটি লোৱা আদা নহৰু অলপ, তেল জোখ মতে

প্ৰস্তুত প্ৰণালী - কণী কেইটা অলপ নিমখ আৰু জালুকৰ গুৰি দি ফেটি লব।ভাপত দিব পৰা বাচন এটাত অলপ তেল সানি কণীৰ ঘোলটো ঢালি ১৫মিনিট সময় ভাপত সিজিবলৈ দিব।অলপ ঠাণ্ডা হলে বাচনটো ওলোটাই দি কণীৰ কেকটো টুকুৰা কৰি লব।এটা কেৰাহীত তেল দি পিয়াঁজ দুটা অলপ ডাঙৰ কৈ কাটি লৈ ভাজি কেপচিকাম আৰু বিলাহীও ভাজিব।এতিয়া বাকী মচলা দি লগতে কণীৰ টুকুৰা কেইটাও দি ভালদৰে লৰাই ৫মিনিট ঢাকি থব ।কম জুইত ভাজিব লাগিব।ইচ্ছা কৰিলে ধনীয়া পাত অলপ দিব পাৰে।গৰম ভাত- ৰুটিৰ লগত খাবলৈ খুউব তৃপ্তি দায়ক হয়।

No comments: