Thursday, 11 January 2018

Caramel Custard Pudding

কেৰামেল কাষ্টাৰ্ড পুডিং   ( Caramel Custard Pudding  )

সামগ্ৰী - গাখীৰ ১ কাপ, চেনি আধা কাপ,কণী ৪টা, ভেনিলা এচেঞ্চ ১চামুচ আৰু কেৰামেল কৰিবলৈ চেনি ৪টেবুল চামুচ

প্ৰস্তুত প্ৰণালী - ননষ্টিক কেৰাহী এটাত কেৰামেল কৰিবলৈ লোৱা চেনি ৪চামুচ ভালদৰে গলাই লব।ভাপত বা অভেনত দিব পৰা বাচন এটাত কেৰামেল খিনি ঢালি ঠাণ্ডা হবলৈ দিব। কণী কেইটা ফেটি লৈ তাত চেনি, গাখীৰ, ভেনিলা এচেঞ্চ মিহলাই আকৌ ভালদৰে কিছু সময় ফেটিব লাগিব।চেনি ভালকৈ গলি যোৱাৰ পিছত মিশ্ৰণটোত ফেন উঠাৰ দৰে হলে ঠাণ্ডা কেৰামেলৰ ওপৰত ঢালি বাচন টো এলুমিনীয়াম পেপাৰেদি ঢাকি দিয়ক।এতিয়া এটা কেৰাহী বা কুকাৰত পানী উতলিবলৈ দি কাষ্টাৰ্ডৰ বাচনটো উঠাই দি ভাপত ২০মিনিট সিজিবলৈ দিব।কুকাৰত দিলে হুইছেলটো খুলি থব।ভাপৰ পৰা বাচন টো নমাই আনি অলপ ঠাণ্ডা হলে ফ্ৰীজত ৪ঘণ্টা ৰাখিব লাগিব ছেট হোৱাৰ বাবে।তাৰ পিছত কাষ্টাৰ্ডৰ বাচনটো উলিয়াই আনি প্লেট এখনত ওলোটাই দি কাষ্টাৰ্ড পুডিং বাচনটোৰ পৰা এৰাই আহিলে সুন্দৰকৈ সজাই পৰিবেশন কৰিব।

No comments: