Sunday, 14 January 2018

Raw Banana and Sour Mango Chutney

কেঁচা জাহাজি কল আৰু টেঙা আমৰ চাটনি  ( raw banana and sour mango chutney )

সামগ্ৰী-কেঁচা জাহাজি কল ২টা, কেঁচা বা পকা টেঙা আম ১টা, কেঁচা জলকীয়া ২টা, মৌ ১ চাহ চামুচ,গোটা সৰিয়হ আৰু চাটমচলা আধা চাহ চামুচকৈ,নিমখ জুতি মতে, ধনীয়া পুদিনা পাত অলপ, মিঠাতেল ১ চাহ চামুচ

প্ৰস্তুত প্ৰণালী-জাহাজি কল দুটা সিজাই আম আৰু জলকীয়াৰ সৈতে মিক্সিত পিচি লব ।মিহি হোৱাৰ পিছত ধনীয়া পুদিনা পাত দি মিক্সিটো আৰু অকণমান চলাই দিব।ননষ্টিক কেৰাহী এটাত তেল গৰম হলে সৰিয়হ খিনি ফুটাই দিব। এতিয়া তাত কলৰ মিশ্ৰণ টো দি হেতাৰে লৰাই দিয়ক। চাটমচলা, মৌ, নিমখ দি ৫-৬ মিনিট মান সময় লৰাই থাকি জুইৰ পৰা কেৰাহী টো নমাই থব। ধনীয়া পুদিনা পাতেৰে সজাই গৰম ভাত বা ৰুটিৰ লগত পৰিবেশন কৰক। ফ্ৰীজত থৈ দুই তিনি দিনলৈ জুতি লব পাৰিব।

No comments: