ভাপত দিয়া বিগ হেড মাছ ( steamed Big head fish )
সামগ্ৰী-বিগ হেড মাছ ৬ টুকুৰা, আদা নহৰু বটা ১ চামুচ, কেঁচা জলকীয়া ২টা (বটা),সৰিয়হ বটা ১চামুচ, ৰোকা বা বটা নাৰিকল ২চামুচ, নিমখ জলকীয়া গুৰি সোৱাদ অনুযায়ী, মিঠাতেল ১চামুচ, হালধি অলপ
প্ৰস্তুত প্ৰণালী-মাছ কেইটুকুৰা ধুই ভালদৰে পানী চেপি লওঁক।এতিয়া সকলো সামগ্ৰী লগলগাই সানি মাছ কেইটুকুৰাৰ দুয়ো পিঠিত সমানে ভালদৰে ঘহি লেপ দিয়াৰ দৰে লগাই ৩০-৪০মিনিট তেনেকৈয়ে থৈ দিয়ক।এটা দ বহল পাত্ৰত পানী উতলিবলৈ দিব।ভাপত দিয়াৰ উপযোগী বাচন এটাত মচলা সানি থোৱা মাছ খিনি দি এলুমিনীয়াম পেঁপাৰেৰে ঢাকি বাচনটো উতলি থকা পানীত দি ঢাকোন লগাই ১২-১৫ মিনিট সময় ভাপত সিজালে হৈ গল।গৰম ভাতৰ লগত খাবলৈ খুবেই তৃপ্তি দায়ক হয়।

No comments:
Post a Comment