Sunday, 14 January 2018

Black Gram/Adad Dal

মাটি মাহৰ জিলাপী  ( Black gram /adad dal )

সামগ্ৰী-মাটি মাহৰ দাইল ২কাপ, চাউলৰ গুৰি ১ কাপ, পানী জোখ মতে, নিমখ  এচিকুট, তেল  আধা লিটাৰতকৈ অলপ কম।

চেনিৰ ৰস-চেনি ২কাপ, পানী ২ কাপ, চেনি নাখালে মৌ  আধা কাপ পানী১ কাপ, নেমুৰ ৰস ১ চামুচ

প্ৰস্তুত প্ৰণালী- মাটি মাহৰ দাইল খিনি কিছু সময় তিয়াই থৈ বাকলি গুচাই লৈ মিক্সিত খুব মিহিকৈ পিহি লব।জোখ মতে পানী দি পিহি লোৱা দালি আৰু চাউলৰ গুৰিৰ ঘোল বনাই এটা ৰাতি কাপোৰেৰে ঢাকি থৈ দিয়ক।ঘোলটো মালপোৱাৰ ঘোলতকৈ অলপ বেছি ডাঠ হব লাগিব। পিছদিনা ৰাতিপুৱা এটা কেৰাহীত চেনিৰ ৰস উতলিবলৈ দিব। উতলি থাকোতে নেমুৰ ৰস খিনি দিব, তেতিয়া চেনিত যদি কিবা লেতেৰা থাকে সেয়া ফেন হৈ ওপৰলৈ উঠি আহিব, হেতা এখনেৰে পেলাই দিব।এতিয়া ঘোলটো চাই যদি অলপ পনীয়া হৈ আছে এক দুই চামুচ চাউলৰ গুৰি মিহলাই লৈ তাত এচিকুট নিমখ দি ভালদৰে সানি লৈ কাপোৰ এখনত সৰু ফুটা এটা কৰি লৈ অথবা জিলাপী মেকাৰত ভৰাই গৰম তেলত মধ্যমীয়া জুইত জিলাপী ভাজি চেনিৰ ৰসত ডুবাই লগালগ গৰম গৰম পৰিবেশন কৰক। খাবলৈ খুব সোৱাদ লগা হয়।

No comments: