বাদামী চাটনিৰ সৈতে ৰৌ মাছৰ কাবাব ( Rou fish kabab with peanut chutney )
সামগ্ৰী - ৰৌ মাছএটাৰ বুকুৰ অংশ, পিয়াঁজ ২টা, আদা নহৰু বটা ১ চামুচ, ধনীয়া গুৰি আধা চামুচ, কেঁচা জলকীয়া ২টা,ধনীয়া পুদিনা পাত অলপ, নিমখ সোৱাদ অনুযায়ী, তেল জোখ মতে
চাটনি - কেঁচা মুম্ফলি বাদাম আধা কাপ, কাজু ১০টা মান,বিলাহী ১টা, কেঁচা জলকীয়া ২টা, নেমুৰ ৰস ১চামুচ, ধনীয়া পুদিনা পাত অলপ, নিমখ জুতি মতে
প্ৰস্তুত প্ৰণালী - পিয়াঁজ কেঁচা জলকীয়া মিহিকৈ কুটি লব।অলপ নিমখৰ সৈতে বুকুৰ মাছ কেইটুকুৰা সিজাই কাইটবোৰ গুচাই লৈ ভালদৰে পিটিকি লওক।এতিয়া মাছখিনিৰ লগত পিয়াঁজ জলকীয়া আৰু বাকী সামগ্ৰী একেলগে সানি লৈ নিজৰ পছন্দৰ আকাৰ দি কাবাব কেইটা ভাজিবৰ বাবে সাজু কৰি লব।মই সৰু সৰু বলৰ আকাৰ দিছো।গৰম তেলত কাবাব কেইটা দি কম মধ্যমীয়া জুইত ভাজি উঠাই থব।
চাটনিৰ বাবে দিয়া সকলো সামগ্ৰী মিক্সিত পিচি লৈ ধুনীয়া বাতি এটাত সজাই গৰম কাবাবৰ লগত পৰিবেশন কৰিব।আবেলিৰ চাহ কাপৰ লগত হওঁক অথবা এনেয়ে খাবলৈ খুউব তৃপ্তিদায়ক হয়।

No comments:
Post a Comment