দৈ-অমিতাৰে পাৰ মাংসৰ জোল ( Pegion meat with curd and papaya curry
)
সামগ্ৰী-পাৰ এযোৰ, কেঁচা অমিতাৰ টুকুৰা এবাতি, আলু ২টা, পিয়াঁজ ৩টা, দৈ ২ টেবুল চামুচ, আদা নহৰু বঁটা ১ চাহ চামুচকৈ, জিৰা ধনীয়া গুৰি আধা চাহ চামুচকৈ, নিমখ জালুক জলকীয়া গুৰি সোৱাদৰ জোখত,কেঁচা জলকীয়া ২টা, গৰম মচলা আধা চাহ চামুচ, ধনীয়া পাত অলপ, হালধি তেল জোখ মতে
প্ৰস্তুত প্ৰণালী-পাৰ দুটা ভালদৰে চাফা কৰি সৰু সৰু টুকুৰা কৰি লব।গৰম মচলা আৰু ধনীয়া পাতৰ বাহিৰে বাকী মচলা আৰু দৈ দি মাংস খিনি ভালকৈ সানি ঢাকোন লগাই আধা ঘণ্টা তেনেকৈয়ে থৈ দিয়ক (মেৰিনেট)।মাংস ভাজোতে তেল বেছি দিব নালাগে কাৰণ পাৰ মাংসত যথেষ্ট পৰিমাণে তেল থাকে।কেৰাহী এটাত অলপ তেল দি অমিতা আৰু আলুৰ টুকুৰাবোৰ সামান্য নিমখ দি ভাজি উঠাই থওক।তাৰ পিছত কেৰাহীত আৰু দুচামুচ মান তেল দি পিয়াঁজ খিনি ৰঙচুৱাকৈ ভাজি মাংস খিনি তাত দি হেতাৰে ভালদৰে লৰাই ভাজি থাকিব যেতিয়ালৈ মাংসৰ ৰং সলনি নহয়।এতিয়া ভাজি থোৱা অমিতা আৰু আলু মাংসত দি কিছুসময় ভাজি ২ গিলাচ মান পানী দি আঞ্জাখন উতলিব দিব।কেঁচা জলকীয়া দুটা ও কাটি দিব।মাংস সিজিলে আধামান অমিতা আৰু আলু ৰ টুকুৰা ভাঙি দিব।আঞ্জাখন ঘন হৈ আহিলে গৰম মচলা দি কেৰাহীটো নমাই থব।ধনীয়া পাতেৰে সজাই ভাত অথবা ৰুটিৰ লগত খাবলৈ খুবেই সোৱাদ লগা হয়।

No comments:
Post a Comment