Saturday, 27 January 2018

Banana Blossom Fish Fritters

কলদিলেৰে মাছৰ ফ্ৰিটাৰ্ছ
Banana Blossom Fish Fritters

সামগ্ৰী - যিকোনো মাছৰ টুকুৰা ৫-৬ টা, মিহিকৈ কূটা কলদিল ১কাপ, পিয়াঁজ ২ টা, কেঁচা জলকীয়া ২ টা, ধনীয়া গুৰি-কচুৰী মিথি-তন্দুৰী চিকেন মচলা আধা চাহ চামুচকৈ,আদা নহৰু বটা ১চাহ চামুচ, বাটাৰ ১চাহ চামুচ, নিমখ-জালুকৰ গুৰি সোৱাদ অনুযায়ী, ধনীয়া পুদিনা পাত অলপ, নেমুৰ ৰস ১চামুচ, তেল জোখ মতে

প্ৰস্তুত প্ৰণালী - অলপ নিমখ দি মাছৰ টুকুৰা কেইটা সিজাই কাঁইটবোৰ গুচাই লৈ ভালদৰে পিটিকি লব। কাঁইট গুচাবলৈ সহজ কাৰণে মই বুকুৰ মাছৰ টুকুৰা লৈছো। পিয়াঁজ কেঁচা জলকীয়া মিহিকৈ কুটি লব। এতিয়া মাছখিনিৰ লগত কূটা কলদিল আৰু বাকী সকলো সামগ্ৰী একেলগে সানি লৈ নিজৰ পছন্দৰ আকাৰ দি ফ্ৰিটাৰ্ছ কেইটা ভাজিবৰ বাবে সাজু কৰি লওঁক। কেৰাহীত তেল গৰম হলে ফ্ৰিটাৰ্ছ কেইটা দি কম মধ্যমীয়া জুইত ভাজি উঠাই থব। আবেলিৰ চাহ কাপৰ লগত খাবলৈ খুবেই তৃপ্তিদায়ক হয়।

No comments: