Saturday, 6 January 2018

Pomegranate Panna Cotta

ডালিম পান' কোটা   ( ইটালীয়ান মিঠাই  )

Pomegranate panna Cotta

সামগ্ৰী - গাখীৰ , ক্ৰীম, চেনি আধা কাপকৈ ,কান্ডেঞ্চ মিল্ক  বা পাউদাৰ মিল্ক ২ টেবুল চামুচ, ভেনিলা এচেঞ্চ ১ চাহ চামুচ,জিলেটিন ১ চাহ চামুচ, নিমখ এচিকুট ।

ডালিমৰ জেলি - ডালিমৰ ৰস ১ কাপ,চেনি ২ চাহ চামুচ , জিলেটিন ১ চাহ চামুচ, নিমখ এচিকুট, ডালচেনিৰ সৰু টুকুৰা এটা ।

প্ৰস্তুত প্ৰণালী - প্ৰথমতে ক্ৰীমৰ মিশ্ৰণ টো বনাই ফ্ৰীজত ২ ঘন্টা অথবা  সোনকালে ঠাণ্ডা হবলৈ ডিপ ফ্ৰিজাৰত ১ ঘন্টা ৰাখি গোট মাৰিবলৈ দিব লাগিব । দুচামুছ মান ঠাণ্ডা  পানীত জিলেটিন খিনি তিয়াই থৈ দিয়ক। মধ্যমীয়া জুইত কেৰাহী এটা পাতি জিলেটিনৰ বাহিৰে বাকী থকা সামগ্ৰী গাখীৰ, ক্ৰীম, চেনি, কান্ডেঞ্চ মিল্ক, নিমখ ,ভেনিলা এচেঞ্চ সকলো বোৰ একেলগ কৰি চেনি গলি যোৱালৈ লৰাই থাকিব। এতিয়া জিলেটিন খিনি দি ৩০ চেকেণ্ড মান ভালদৰে লৰাই জুই বন্ধ কৰি দিব ।মিশ্ৰণটো অলপ ঠাণ্ডা হলে  গিলাচ এটা হেলাই লৈ আধা মানলৈ ভৰাই সাৱধানে ফ্ৰিজাৰত থৈ দিয়ক।  দুঘণ্টামান পিছত ডালিমৰ জেলি খিনি ক্ৰীমৰ মিশ্ৰণ বনোৱাৰ নিচিনাকৈ বনাই ক্ৰীম ভৰোৱা গিলাচটো ফ্ৰীজৰ পৰা উলিয়াই আনি জেলি খিনি ভৰাই গিলাচটো আকৌ ১ ঘন্টা মান ফ্ৰীজত ৰখাৰ পিছত উলিয়াই আনি ঠাণ্ডা কৈয়ে খাবলৈ খুবেই সোৱাদ লগা হয় ।

No comments: