সুমিষ্ট লাওপোললা ৰেচিপি
Delicious Laaopolla ( Bottle guard sweets )
সামগ্ৰী - কুমলীয়া পানীলাও ১টা, চাউলৰ গুৰি আধা কাপ,গাখীৰৰ চানা আধা কাপ,নিমখ এচিকুট ,তেল
চেনিৰ ৰস - চেনি ডেৰ কাপ,পানী এক কাপ, ইলাচি ৩-৪ টা
প্ৰস্তুত প্ৰণালী - পানী লাও টো কাটি সৰু সৰু টুকুৰা কৰি লৈ সিজাই কপাহী কাপোৰ এখনত বান্ধি টানকৈ চেপি পানী টুকি লব।লাওখিনি একেবাৰে কোমল কৰি লব লাগিব ,গুটি থাকিলে পেলাই দিব লাগিব। এতিয়া লাওখিনিত চাউলৰ গুৰি, চানা আৰু নিমখ মিহলাই ভালদৰে সানি লৈ লাৰু বনাই সামান্য চেপেটা কৰি লৈ গৰম তেলত কম জুইত ভাজি উঠাই থব। চেনিৰ ৰস বনাওতে ইলাচি গুটি কেইটা থেতেলীয়াই দিব।চেনিৰ ৰস অলপ ঘন হলে লাওপোললা কেইটা দি ৫ মিনিট মান পিছত কেৰাহীতো নমাই থব। চাহৰ লগত গৰমে গৰমে খাবলৈ খুবেই জুতি লগা হয়।

No comments:
Post a Comment