এগলেচ চকলেট দোহনাট ( Eggless Chocolate Doughnut )
সামগ্ৰী - ময়দা ২ কাপ, চেনি আধা কাপ, বাটাৰ আধা কাপ, গাখীৰ আধা কাপ,ইষ্ট ১ চামুচ, নিমখ আধা চামুচ, গৰম পানী আধা কাপ, চকলেট লেটীয়াবলৈ
প্ৰস্তুত প্ৰণালী - গৰম পানীত ইষ্ট আৰু চেনি মিহলাই ১০মিনিট থৈ দিয়ক। ময়দাত নিমখ আৰু বাটাৰ দি ভালকৈ সানি লৈ ইষ্ট পানীৰে ময়দাখিনি কোমলকৈ মাৰি লব। গাখীৰ অলপ অলপকৈ দি থাকিব ,গোটেই খিনি নালাগিবও পাৰে।এতিয়া এটা বাচনত অলপ বাটাৰ সানি মাৰা ময়দা খিনি ৰাখি ওপৰত অলপ বাটাৰ সানি গৰম ঠাইত ২ ঘন্টা ঢাকি থৈ দিব যাতে ময়দা খিনি ফুলি দুগুন হয়। দুঘণ্টা পিছত আকৌ অলপ মাৰি লৈ ডাঠকৈ বেলি এটা বাতি বা গিলাচেৰে ঘূৰণীয়া কৈ কাটি মাজতে সৰু সাফৰেৰে কাটি দোহনাটৰ আকাৰ দি আকৌ ২০ মিনিট ৰাখি গৰম তেলত কম জুইত ভাজি উঠাই থব। ঠাণ্ডা হলে চকলেট গলাই লৈ তাত লেটীয়াই অলপ সময় ৰাখি পৰিবেশন কৰিব ।

No comments:
Post a Comment