Saturday, 20 January 2018

Motichoor ladoo recipe

বুন্দিয়াৰ লাৰু  (Motichoor ladoo)

সামগ্ৰী- বেচন ২কাপ, চুজি ২চাহ চামুচ,ৰঙা ৰঙ ৪-৫টোপ, ঘি ২ চামুচ, তেল বা ঘি  ভাজিবলৈ
চেনিৰ ৰস-চেনি ২কাপ, পানী ১কাপ

প্ৰস্তুত প্ৰণালী- বেচনত চুজি,ঘি আৰু ৰঙ মিহলাই পানীৰে ডাঠ পানীয়া ঘোল বনাই লব।বুন্দিয়া ভাজিবলৈ কেৰাহী এটাত তেল বা ঘি গৰম হবলৈ দিব।এতিয়া গৰম তেলৰ ওপৰত জেজৰা এখনত ঘোল ঢালি দি কেৰাহী টোত থক থকাই বুন্দিয়া পাৰিবলৈ দিব।আধা মিনিট হলে বুন্দিয়া উঠাই থব।এনেকৈ ৪-৫ বাৰ ভাজিব লাগিব।

আন এটা কেৰাহীত চেনিৰ ৰস বনাই বুন্দিয়া খিনি তাত দি ১মিনিট লৰাই জুই বন্ধ কৰি দি ঢাকোন মাৰি দিব।৫-৬মিনিট মান পিছত ঢাকোন খুলি ঠাণ্ডা হবলৈ দি নিজৰ পচন্দ মতে লাৰু বনাই ভগৱানক ভোগ লগাব পাৰে অথবা এনেয়ে চাহৰ লগত খাব পাৰি।

No comments: