নাৰগিছি ফিছ কোফটা (Nargisi Fish Kofta)
সামগ্ৰী- যিকোনো ডাঙৰ মাছ এটাৰ বুকুৰ অংশ, পিয়াঁজ-২, আদা- নহৰু বঁটা ১ চামুচ, জিৰা-ধনীয়া গুৰি আধা চামুচ কৈ, নিমখ জালুক জলকীয়া গুৰি সোৱাদ অনুসৰি, মিঠাতেল- ১ কাপমান, মাখন- ১ চামুচ, কাজু বঁটা, মাগজ বা অফুগুটি-১ চামুচ কৈ, বিলাহী-১টা, ক্ৰীম-২ চামুচ, বেচন-২ চামুচ, গৰম মচলা অলপ, হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী- নাৰগিছি ফিছ কোফ্টা কাৰী ৰাজসিক ( Royal) খাদ্য তালিকাৰ অন্তৰ্ভুক্ত এক বিশেষ তৃপ্তিদায়ক ব্যঞ্জন। ইয়াক প্ৰস্তুত কৰিবলৈ অলপ বেছি খৰছ আৰু সময়ৰ প্ৰয়োজন হয়। কুকাৰত অলপ পানী দি মাছৰ টুকুৰা কেইটা নিমখ আৰু ডালচেনিৰ টুকুৰা এটাৰ সৈতে সিজাই লওক। এতিয়া মাছৰ কাইটবোৰ গুচাই লৈ মিহিকৈ কাটি লোৱা পিয়াঁজ এটা, নিমখ, জালুকৰ গুৰি আৰু বেচন সানি ভালদৰে হাতেৰে পিটিকি লৈ মাছৰ লাৰু বনাই তেলত ভাজি উঠাই থওক। সেই তেলতে মাখন দি পিয়াঁজ ,বিলাহী আৰু বাকী মছলা দি কিছু সময় ভাজি এক গিলাচ মান পানী দি উতলিব দিব। ভালদৰে উতল আহিলে কোফ্তা কেইটা দি অলপ সময় ৰাখি ক্ৰীম আৰু গৰম মছলা দি কেৰাহীটো নমাই থব। গৰম ভাত আৰু ৰুটিৰ লগত খাবলৈ খুবেই তৃপ্তিদাওক হয়।

No comments:
Post a Comment