Saturday, 20 January 2018

Watermelon Quench

ৱাটাৰমেলন কুয়েন্স (Watermelon Quench)
সামগ্ৰী- তৰমুজ-এবাতি, নেমুৰ ৰস-১ টেবুল চামুচ, মৌ- ১ চাহ চামুচ, নিমখ - এচিকুট, পুদিনা পাত দুটামান বা শুকান গুৰি
প্ৰস্তুত প্ৰণালী - তৰমুজ বাতি মিক্সিত মাৰি বা হাতেৰে মোহাৰি ৰস উলিয়াই লব। এতিয়া তাত বাকীখিনি সামগ্ৰী মিহলি কৰি লওক। সতেজ পুদিনা পাত দিলে খাবলৈ বেছি সোৱাদ লগা হয়। মই শুকান গুৰি বনাই থৈছিলোঁ বাবে ইয়াত তাকে ব্যৱহাৰ কৰিছো। ঠাণ্ডা কৰি খাবলৈ মন গলে বৰফৰ টুকুৰা কেইটামান দিব পাৰে। এটা ধুনীয়া দীঘল আকাৰৰ গিলাচত পৰিবেশন কৰিবচোন কেনে সুন্দৰ লাগিব।

No comments: