মোহন থাল ( mohan thaal )
সামগ্ৰী-বেচন ২কাপ, চেনি ১কাপ,ঘি ১কাপ, গাখীৰ আধা কাপ, পানী আধা কাপ, বাদাম কাজু ইলাচি গুৰি অলপ
প্ৰস্তুত প্ৰণালী-মোহন থাল গুজৰাটৰ এবিধ অতি জনপ্ৰিয় মিঠা ব্যঞ্জন।প্ৰত্যেক মানুহৰ ঘৰত পূজা পাৰ্বনত বিশেষ কৈ জন্মষ্টমীৰ দিনা নিজ হাতেৰে তৈয়াৰ কৰি ভগৱান শ্ৰীকৃষ্ণৰ আগত ভোগ হিচাপে আগবঢ়োৱা হয়।মই আজি নিজ হাতেৰে বনাই আপোনালোকলৈ মোহন থালৰ ৰেচিপি আগবঢ়ালো।
গাখীৰ আৰু দুচামুচ ঘি দি বেচন খিনি সানি লব।এটা ননষ্টিক কেৰাহীত২টেবুল চামুচ ঘি দি বেচনৰ মিশ্ৰণ টো শুকাই জৰ্জৰিয়া হোৱালৈ ভাজি নমাই থব।আন এটা বাচনত ইলাচি গুৰি দি চেনি পানী উতলাই বেচনত ঢালি দিয়ক।কম জুইত একেৰাহে ৫মিনিট বেচনৰ মিশ্ৰণ টো লৰাই জুই বন্ধ কৰি দিব।এতিয়া বহল কাঁহী এখনত বেচনৰ মিশ্ৰণ টো বহলাই দি ওপৰত বাদামৰ টুকুৰা ৰে সজাই ঠাণ্ডা হবলৈ ২ঘণ্টা ফ্ৰীজত থৈ দিব।পিচত নিজৰ পচন্দ মতে টুকুৰা কৰি কাটি ভগৱান শ্ৰীকৃষ্ণক ভোগ লগাব।

No comments:
Post a Comment