Friday, 5 January 2018

Hot & Spices Soya Chunks

মচলা দিয়া শুকান চয়া চাংক
Hot & spicy soya chunks

সামগ্ৰী - চয়াবিন এবাতি, পিয়াঁজ ২ টা, বিলাহী ১ টা,কাৰী মচলা,জিৰা ,ধনীয়া গুৰি আধা চাহ চামুচ কৈ, নিমখ জালুক জলকীয়াৰ গুৰি সোৱাদ অনুযায়ী, কাজু বটা ১ চামুচ, ক্ৰীম ২ চামুচ, গৰম মচলা অলপ,ধনীয়া পুদিনা পাত অলপ,আদা নহৰু বটা ১ চামুচ আৰু তেল হালধী

প্ৰস্তুত প্ৰণালী - চয়াবিন খিনি গৰম পানীত ১০মিনিট তিয়াই ৰাখি তুলি আনি ঠাণ্ডা পানীৰে দুবাৰ মান ধুই ভালদৰে পানী চেপি লব। কেৰাহীত জোখ মতে তেল দি পিয়াঁজ আৰু বিলাহী ভাজি লওক। ৰঙচুৱা হলে ধনীয়া পুদিনাৰ বাহিৰে বাকী সকলো সামগ্ৰী দি অলপ ভাজি চয়াবিন খিনি দি ভালদৰে লৰাই ঢাকোন মাৰি ১০মিনিট কম জুইত ৰাখিব। এতিয়া ঢাকোন আঁতৰাই ৫মিনিট মান ভাজি ধনীয়া পুদিনা পাত মোহাৰি দি কেৰাহীতো নমাই থব। ভাত অথবা গৰম লুচিৰ লগত খাবলৈ খুব সোৱাদ লগা হয় ।


No comments: