চিকেন কোফ্তা উইথ বিতৰুট গ্রেভি
সামগ্ৰী -
সামগ্ৰী -
বনলেচ চিকেন ৫০০ গ্ৰাম
বিতৰ ৰস আধা কাপ
আদা বটা আধা চামুচ
নহৰু বটা ১ চাহ চামুচ
জালুকৰ গুৰি আধা চামুচ
জলকীয়া গুৰি এক চামুচ
চিকেন মচলা আধা চামুচ
বাটাৰ ক্ৰীম ১চামুচ কৈ
নিমখ সোৱাদ অনুযায়ী
কাজু বটা ১চামুচ
পুদিনা পাত এমুঠি
ধনীয়া পাত অলপ
তেল জোখ মতে
পিয়াঁজ দুটা
বিলাহী এটা
কণী এটা
প্ৰস্তুত প্ৰণালী - চিকেন খিনি ধুই ভালদৰে পানী চেপি লৈ সৰু সৰু টুকুৰা কৰি কাটি লব। পিয়াঁজ আৰু বিলাহীও মিহিকৈ কুটি লব। চিকেন খিনিত অলপ নিমখ, জালুকৰ গুৰি, পিয়াঁজ এটা, কণী আৰু ধনীয়া পাত দি মিক্সিত পিহি লৈ অলপ ডাঙৰ লাৰু বনাই গৰম তেলত মধ্যমীয়া জুইত ভাজি উঠাই থব। আন এটা কেৰাহীত এচামুছ তেল আৰু বাটাৰ দি পিয়াঁজ বিলাহী খিনি ভাজিব। এতিয়া তাত পুদিনাৰ বাহিৰে বাকী সকলো সামগ্ৰী দি অলপ সময় ভাজি চিকেনৰ লাৰু কেইটা দি আৰু একমিনিট মান সময় ভাজি বিতৰ ৰস আৰু এগিলাচ পানী দি উতলিবলৈ দিব। আঞ্জাখন ঘন হৈ আহিলে পুদিনা পাত খিনি হাতেৰে মোহাৰি দি কেৰাহীতো নমাই থব। গৰম ভাত অথবা ৰুটি, নানৰ লগত খাবলৈ খুবেই তৃপ্তিদায়ক হয়।

No comments:
Post a Comment