চিকেন মলাই হানদী ( Chicken malai Handi )
সামগ্ৰী - চিকেন ১ কিলো,পিয়াঁজ ৬টা, কাজু ১০টা মান, মগজ বটা আধা কাপ, জালুকৰ গুৰি ১চামুচ, আদা নহৰু বটা ১চামুচ কৈ, ক্ৰীম আধা কাপ, ৰিফাইন তেল ৪চামুচ, দৈ আধা কাপ,গৰম মচলা আধা চামুচ, নিমখ সোৱাদ অনুযায়ী
প্ৰস্তুত প্ৰণালী - চিকেন খিনি দৈ ,নিমখ আৰু জালুকৰ গুৰি দি ভালদৰে সানি একঘণ্টা থৈ দিব। কেৰাহীত ২চামুচ তেল দি পিয়াঁজ আৰু কাজু অলপ ভাজি লৈ মিক্সিত পিচি লওঁক।সেই কেৰাহীতে চিকেন খিনি আধা ভজা কৰি নমাই থওক।কেৰাহীত বাকী থকা তেল দুচামুছ দি সকলো বোৰ মচলা আৰু পিয়াঁজৰ পেষ্ট ভাজি লৈ মাংস খিনি দি অলপ সময় আকৌ ভাজিব।এতিয়া ক্ৰীম খিনি দি ভালদৰে লৰাই এক কাপ পানী দি ঢাকোন লগাই কম জুইত সিজিবলৈ দিয়ক।মাংস যিহেতু আধা ভজা হৈয়ে আছে আৰু বৰ বেছি সময় নালাগে ।মাংস সিজি আঞ্জা খন ঘন হৈ আহিলে কেৰাহীটো জুইৰ পৰা নমাই থব।গৰম ভাত অথবা নানৰ লগত খাবলৈ অতিকৈ সোৱাদ লগা হয় ।

No comments:
Post a Comment