ডেলিচিয়াছ মেচকা টেঙা জেলি কেক
Delicious Meskatenga Jelly Cake
সামগ্ৰী - মেচকা টেঙাৰ গুটি ৫০০গ্ৰাম,চেনি আধা কাপ বা সোৱাদ অনুযায়ী, ডালচেনিৰ সৰু টুকুৰা এটা, জিলেটিন ডেৰ চামুচ, নিমখ সোৱাদৰ জোখত
প্ৰস্তুত প্ৰণালী - জিলেটিন খিনি অলপ পানীত তিয়াই থৈ দিয়ক। মেচকা টেঙাৰ গুটি বোৰ ভালদৰে ধুই ওপৰৰ পাতল ৰঙা অংশ খিনি ৰাখি ভিতৰৰ গুটি টো পেলাই দিব। এটা কেৰাহীত এককাপ পানী দি মেচকা টেঙা খিনি সিজিবলৈ দিব।ডালচেনিৰ টুকুৰাটোও দিব।ভালদৰে সিজিলে কেৰাহী টো জুইৰ পৰা নমাই আনি টেঙা খিনি চেকি ৰসখিনি ৰাখি শিঠাবোৰ পেলাই দিব। এতিয়া কেৰাহীটো আকৌ পাতি টেঙাৰ ৰস খিনি উতলিবলৈ দি নিমখ আৰু চেনি দি একেৰাহে অলপ সময় লৰাই থাকিব।মিশ্ৰণটো অলপ ঘন হৈ আহিলে জিলেটিন খিনি দি এক মিনিট লৰাই জুই বন্ধ কৰি দি অলপ সময় লৰাই থাকিব।মিশ্ৰণটো কিছু ঠাণ্ডা হলে বাতিত ভৰাই ৩-৪ ঘন্টা মান ফ্ৰীজত থৈ দিব জেলি হবলৈ। লুচিৰ লগত অথবা এনেও খাবলৈ খুবেই তৃপ্তিদায়ক হয়।

1 comment:
Good job borma
Post a Comment