ভকুৱা মাছ পাতত দিয়া ( Bhakuwa fish paaturi )
সামগ্ৰী - ভকুৱা মাছ ৬ টুকুৰা,২ টা কেঁচা জলকীয়া বটা, আদা নহৰু বটা ১ চামুচ, ৰোকা নাৰিকল ২ টেবুল চামুচ,সৰিয়হ বটা বা আফুগুটি বটা অথবা মগজ বটা ১ চামুচ, নেমুৰ ৰস ১ চামুচ,এমুঠি ধনীয়া পাত বটা, মিঠাতেল ১ চামুচ, নিমখ হালধি জোখ মতে,কলপাত কেইখিলামান ।
প্ৰস্তুত প্ৰণালী - মাছ কেইটুকুৰা ধুই হালধি সানি একাষে থৈ দিয়ক।কলপাত কেইখিলা সামান্য জুইৰ তাপ লগাই লেহুকা কৰি লব।তেতিয়া বান্ধাৰ সময়ত কলপাত খন ফাটি নাযায়।সকলো বোৰ মচলা নিমখ তেল দি ভালকৈ সানি লব।এতিয়া মচলাখিনি মাছকেইটুকুৰাত লেপ লগোৱাৰ দৰে ডাঠকৈ লগাই ২০ মিনিট মান সময় ঢাকি থৈ দিয়ক।টাৱা এখনত মিঠাতেল অলপ সানি গৰম হবলৈ দিয়ক।এখিলা পাতত একটুকুৰা কৈ মাছদি ভালদৰে বান্ধি গৰম টাৱাত উঠাই দিব।জুই মধ্যমীয়া কৈ ৰাখিব।পাতখনৰ প্ৰথম ফালটো অলপ পোৰা যেন হলে লুটিয়াই দিব।পাতখনৰ দুয়ো ফাল পোৰা হলে একেবাৰে কম জুইত আৰু ৫মিনিট মান ৰাখি মাছ কেইটুকুৰা নমাই আনিব। ১৫-২০ মিনিটৰ ভিতৰতে গৰম ভাতৰ লগত জুতি লবলৈ আপোনাৰ পাতত দিয়া মাছ একেবাৰে সাজু ।

No comments:
Post a Comment