Saturday, 20 January 2018

Watermelon bhindi fried salad

তৰমুজ ভেন্দিৰ ফ্ৰাইড চালাড
সামগ্ৰী- তৰমুজৰ টুকুৰা এবাতি, ভেন্দি এবাতি, বিলাহী দুটা, পিয়াঁজ এটা, কেঁচা জলকীয়া দুটা, নিমখ-জালুকৰ গুড়ি সোৱাদ অনুসৰি, নেমুৰ ৰস এক চামুচ, ধনীয়া-পুদিনা পাত অলপ, তেল
প্ৰস্তুত প্ৰণালী- ভেন্দি বাতি নিমখ নিদিয়াকৈ ভাজি একাষে থৈ দিব।সেই তেলতে পিয়াজ,বিলাহী ভাজি লৈ ধনীয়া পুদিনাৰ বাহিৰে বাকী সামগ্ৰী দি অলপ সময় ভাজিব।তাৰ পিছত তৰমুজৰ টুকুৰা দি ভালদৰে হেতাৰে লৰাই দিব।এতিয়া ভাজি থোৱা ভেন্দি বাতি কেৰাহীত দি দহমিনিত মধ্যমীয়া জুইত ৰাখিব।তৰমুজৰ টুকুৰা কোমল হৈ আহিলে ধনিয়া পুদিনা পাত হাতেৰে মোহাৰি দি জুই বন্ধ কৰি দিব।ভাত অথবা ৰুটিৰ লগত খাবলৈ খুব সোৱাদ লগা হয়।

No comments: