Saturday, 20 January 2018

Paneer kulcha with Sunny Side-Up

পনীৰ কুলচ্চা ৱিথ sunny side-up
সামগ্ৰী-ময়দা ২কাপ, পনীৰ 200গ্ৰাম, জিৰা গুৰি অলপ, নিমখ জালুক জলকীয়া গুৰি সোৱাদ অনুযায়ী, পিয়াঁজ বিলাহী এটাকৈ, ধনীয়া পাত অলপ, কণী এটা, তেল ভাজিব লৈ।
প্ৰস্তুত প্ৰণালী- পিয়াঁজ ভাজি লৈ বিলাহী আৰু বাকী মছলা ভাজিব।নিমখ দি পনীৰ খিনি সামান্য ভাজি নমাই থব।ময়দা দুকাপ নিমখ আৰু এক চামুচ তেল দি মাৰি লৈ অলপ ডাঙৰ লাৰু বনাই মাজত পনীৰৰ মিশ্ৰণ দি আকৌ লাৰু বনাই বেলি লৈ তেল অলপ দি ভাজিব।অভেনত ১৮০° ত ১০মিনিট বেক কৰিব লাগিব।তাৱাত কণী এটা ভাঙি এক মিনিট ৰাখিলে sunny side-up হৈ যাব।গৰম কুলচ্চা বিলাহী বা পুদিনা চাটনিৰ লগত খাবলৈ খুব তৃপ্তি দায়ক হয়।

No comments: